'আমাৰ বিষয়ে'
২০১৮ চনৰ এপ্ৰিল মাহত জন্ম লাভ কৰিছিল অসমীয়া ই-কাব্যলোচনী 'আস্থা' ই । জন্ম লগ্নৰে পৰা নিয়মীয়া ভাৱে একোখনকৈ মাহেকীয়া ই-কাব্যলোচনী প্ৰকাশ কৰি অহাৰ লগতে নতুন নতুন লেখক লেখিকাক সকলো সাহিত্যতে আগবঢ়াই নিবলৈ এই মাধ্যমৰ জৰিয়তে সাহিত্য চৰ্চাৰ ব্যৱস্থা কৰা হৈছে । আস্থা ই-কাব্যলোচনীৰ জৰিয়তে নবীন প্ৰবিন কাব্য চৰ্চা কৰা ব্যক্তি সমুহক একেলগ কৰি এখন সুকীয়া মঞ্চ দিয়াৰ চেষ্টা কৰি থকা হৈছে । কেইবা হাজাৰৰো অধিক পাঠক আমাৰ কাব্য যাত্ৰাৰ সংগী । অসমৰ লগতে অসমৰ বাহিৰৰ বিভিন্ন ৰাজ্যত বসবাস কৰা অসমীয়া লোক সকলেও আস্থা জৰিয়তে কাব্য চৰ্চা কৰি আহিছে আৰু নিয়মীয়া ভাৱে অধ্যয়ন কৰি আহিছে ।
আস্থা আলোচনীৰ নতুন সংযোজন এই ৱেব পোৰ্টেলৰ জৰিয়তে এখন পূৰ্ণাঙ্গ নিয়মীয়া দৈনিক ৱেব আলোচনী অসমীয়া ৰাইজলৈ আগবঢ়াই দিয়া হৈছে । এই ৱেব যোগেদি সকলো ধৰণৰ লেখা ইয়াত প্ৰকাশ কৰি পাঠকৰ মাজলৈ আগবঢ়াই দিয়া হয় । নিয়মীয়া ভাৱে কেইবা হাজাৰ পাঠকে আস্থা আলোচনী ৰ এই ৱেব পোৰ্টেলৰ জৰিয়তে বিভিন্ন ধৰণৰ, বিভিন্ন বিষয়ৰ লেখা অধ্যয়ন কৰিব পাৰি সুখী অনুভৱ কৰিছে ।
আপুনিও আমাৰ মাহেকীয়া ই-কাব্যলোচনী তথা দৈনিক ৱেব আলোচনীলৈ লেখা প্ৰেৰণ কৰিব পাৰে । লেখক লেখিকা সমুহে মাহেকীয়া কাব্যলোচনীৰ বাবে কবিতা নাইবা নিয়মীয়া ৱেব আলোচনীৰ বাবে বিভিন্ন ধৰনৰ লেখা প্ৰকাশ কৰিবৰ বাবে প্ৰেৰণ কৰিব পৰা । এই ক্ষেত্ৰত মন কৰিব যে লেখা সমুহ মোবাইলত টাইপ কৰি নাম ঠিকনাৰ সৈতে আমালৈ প্ৰেৰণ কৰিব লাগিব ।
আমাৰ ঠিকনা
মাহেকীয়া কাব্যলোচনীৰ বাবে কবিতা প্ৰেৰণ কৰাৰ ঠিকনা-
What'sApp- 8724851052
Email- asthamagazine@gmail.com
নিয়মীয়া ৱেব আলোচনীত প্ৰকাশৰ বাবে বিভিন্ন ধৰনৰ লেখা প্ৰেৰণ কৰা ঠিকনা-
What'sApp- 8724851052 ('নিয়মীয়া শিতানৰ বাবে' বুলি লিখি প্ৰেৰণ কৰিব ।)
Email- niyamiyaastha@gmail.com