সৰু ভৰি দুখনি
▪️ নীলিম কুমাৰ
সেই সৰু ভৰি দুখনি
ক’লৈ গ’ল
মাজেমাজে আহিছিল
চেণ্ডেল খুলিছিল
সেই নিজান ঘৰটোত
মোৰ খবৰ ল’বলৈ আছিল
মাথোঁ সেই ভৰি দুখনি
ক’লৈ গ’ল ক’লৈ গ’ল
সেই সৰু ভৰি দুখনি
ভৰি দুখনি অবিহনে মই
ভীষণ অসুখী
মই ৰৈ আছো ৰৈ আছো
আহিবনে আকৌ এদিন মোৰ ঘৰলৈ
চেণ্ডেল খুলি সেই সৰু ভৰি দুখনি ?
এদিন পৃথিৱীত দপদপাই খোজ কাঢ়িব লাগিব
সেই সৰু ভৰি দুখনি
▪️ ▪️ ▪️
0 Comments