পূৰ্বৰ নগাঁও জিলাৰ মায়ং মৌজাৰ অন্তৰ্গত দৈপাৰা সত্ৰ নামৰ ঠাই খনত ইংৰাজী ১৯২৩ চনৰ ১৫ নৱেম্বৰৰ দিনা পিতৃ প্ৰয়াত পৰমানন্দ দেৱগোস্বামী আৰু মাতৃ প্ৰয়াত দময়ন্তী দেৱীৰ কোলাত জন্ম লাভ কৰে ড৹ গোলোক চন্দ্ৰ গোস্বামী দেৱে । বাঘজাপ প্ৰাথমিক বিদ্যালয়ৰ পৰা স্কুলীয়া জীৱনৰ আৰম্ভণি কৰি পৰবৰ্তী সময়ত জাগী এম ই স্কুলৰ পৰা মাধ্যমিক আৰু ৰহা হাইস্কুলৰ পৰা উচ্চ মাধ্যমিক শিক্ষা লৈ ১৯৪৪ চনত চাৰিটা বিষয়ত লেটাৰ নম্বৰ (ষ্টাৰ) লৈ প্ৰৱেশিকা পৰীক্ষাত অতি সুক্ষাৰ্তিৰে উত্তীৰ্ণ হয় । ইয়াৰ পৰৱৰ্তী সময়ত ১৯৪৬ চনত কটন মহাবিদ্যালয়ৰ পৰা আই এছ চি, ১৯৪৮ চনত বি এ, ১৯
৫০ চনত দিল্লীৰ 'জামিয়া মিলিয়া ইছলামিয়া'ৰ পৰা স্নাতকোত্তৰ বুনিয়াদী প্ৰশিক্ষণ লয় । স্নাতকোত্তৰ বুনিয়াদী প্ৰশিক্ষণ সমাপ্ত কৰি গোলোক চন্দ্ৰ গোস্বামী দেৱে দিল্লীৰ পৰা উভতি আহে আৰু উভতি আহি গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়া বিষয়ৰ স্নাতকোত্তৰত নামভৰ্তি কৰি ১৯৫৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া ভাষা শাখাত প্ৰথম স্থান অধিকাৰ কৰি এম এ ডিগ্ৰী লাভ কৰে ।
৫০ চনত দিল্লীৰ 'জামিয়া মিলিয়া ইছলামিয়া'ৰ পৰা স্নাতকোত্তৰ বুনিয়াদী প্ৰশিক্ষণ লয় । স্নাতকোত্তৰ বুনিয়াদী প্ৰশিক্ষণ সমাপ্ত কৰি গোলোক চন্দ্ৰ গোস্বামী দেৱে দিল্লীৰ পৰা উভতি আহে আৰু উভতি আহি গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়া বিষয়ৰ স্নাতকোত্তৰত নামভৰ্তি কৰি ১৯৫৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া ভাষা শাখাত প্ৰথম স্থান অধিকাৰ কৰি এম এ ডিগ্ৰী লাভ কৰে ।
কৰ্ম জীৱনী বুলি ক'বলৈ ল'লে গোলোক চন্দ্ৰ গোস্বামী দেৱে ১৯৪৮ চনৰ পৰা ১৯৪৯ চনলৈ এবছৰৰ বাবে গুৱাহাটী স্থিত 'কামৰূপ একাডেমী' স্কুলত সহকাৰী শিক্ষক হিচাপে যোগদান কৰে । ১৯৫০ চনৰ পৰা ১৯৫৪ চনলৈ চাৰি বছৰৰ বাবে নতুন অসমীয়া বাতৰি কাকতৰ জ্যেষ্ঠ সহকাৰী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে । উক্ত বছৰতেই গুৱাহাটী বিশ্ববিদ্যালয়ত ড৹ গোস্বামী দেৱে অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰে । ১৯৭৮ চনত উক্ত অসমীয়া বিভাগৰ বিভাগীয় প্ৰধান পদত কাৰ্যনিৰ্বাহ কৰি ইংৰাজী ১৯৮৫ চনত সেই পদৰ পৰা তেখেতে অৱসৰ গ্ৰহণ কৰে ।
ড৹ গোলোক চন্দ্ৰ গোস্বামী দেৱে ভাষাতত্ত্বৰ এই বৃহৎ ক্ষেত্ৰখনত বহু মূল্যবান অৰিহণা আগবঢ়াই থৈ গৈছে । অসমীয়া ভাষাতত্ত্ব বিষয়টো সমৃদ্ধিশালী কৰি তোলাৰ ক্ষেত্ৰত নিঃসন্দেহে ড৹ গোস্বামী দেৱৰ ভুমিকা তথা অৰিহণা উল্লেখযোগ্য । অসমীয়া ভাষাৰ ধ্বনিতত্ব, ৰূপতত্ত্ব, তথা অভিধানতত্ত্ব আদি প্ৰায় সকলো দিশতে তেওঁৰ অৱদান যঠেষ্ট । ড৹ গোলোক চন্দ্ৰ গোস্বামী দেৱৰ উল্লেখযোগ্য কেইখনমান গ্ৰন্থ হৈছে- Structure of Assamese, An Introduction of Assamese Phonology, অসমীয়া বৰ্ণ প্ৰকাশ, অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ, ধ্বনি বিজ্ঞানৰ ভূমিকা, অসমীয়া গোলোক ব্যাকৰণ, অসমীয়া আখৰ জোঁটনি, ভাষা-উপক্ৰমণিকা, অসমীয়া ভাষাৰ উচ্চাৰণ, অসমীয়া ব্যাকৰণ প্ৰৱেশ, অসমীয়া আখৰ জোঁটনি সমীক্ষা, ভাষা তৰংগিণী, হিন্দী-অসমীয়া-ইংৰাজী ত্ৰিভাষী অভিধান, হিন্দী-অসমীয়া লঘুকোষ, ভাৰতীয় ভাষাকোষ আদি ।
১৯৩৫ চনত ড৹ বাণীকান্ত কাকতি দেৱে 'Assamese : It's Formation and Development' শীৰ্ষক গৱেষণা গ্ৰন্থ খন লিখি কলিকতা বিশ্ববিদ্যালয়ৰপৰা পি এইচ ডি ডিগ্ৰী লাভ কৰিছিল । ড৹ বাণীকান্ত কাকতি দেৱে অসমত বিজ্ঞান সন্মত আধুনিক পদ্ধতিৰে ভাষা তত্ত্বৰ চৰ্চা কৰিছিল । ১৯৫২ চনত কাকতি দেৱে গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তথা কলা বিষয়ৰ ডীন হিচাপে কৰ্ম কৰি থাকোতে ৫৮ বছৰ বয়সতেই অকাল মৃত্যুক সাবটি লৈছিল । ড৹ বাণীকান্ত কাকতিৰ উক্ত 'Assamese : It's Formation and Development' শীৰ্ষক গ্ৰন্থখনে গোলোক চন্দ্ৰ গোস্বামীক ভাষাতত্ত্ব বিষয়টোৰ ওপৰত অধ্যয়ন তথা চৰ্চা কৰিবলৈ আগ্ৰহী আৰু অনুপ্ৰাণিত কৰি তুলিছিল । বাণীকান্ত কাকতি দেৱৰ এই গৱেষণা গ্ৰন্থ খন সংশোধন আৰু সম্পাদন কৰি ড৹ গোলোক চন্দ্ৰ গোস্বামী দেৱে ভাষাতত্ত্বৰ গভীৰতা আৰু বিশ্লেষণ সুন্দৰ ভাবে দাঙি ধৰিছে । ইয়াৰ উপৰিও ড৹ গোস্বামীদেৱৰ বিভিন্ন কাকত, আলোচনী সমুহত প্ৰকাশিত ভাষা সম্বন্ধীয় প্ৰৱন্ধ সমূহ উল্লেখযোগ্য ।
১৯৮৫ চনত ড৹ গোলোক চন্দ্ৰ গোস্বামী দেৱে 'অসম সাহিত্য সভাৰ ভাষা সন্মিলন'ৰ সভাপতি আৰু ১৯৭৪ চনত গুৱাহাটীত জন্ম লাভ কৰা 'অসম ভাষা বিজ্ঞান সমিতি'ৰ প্ৰতিষ্ঠাপক সভাপতিৰ আসন শুৱনি কৰিছিল । ড৹ গোস্বামী দেৱে নিজ পাণ্ডিত্যৰ বলত বিভিন্ন উল্লেখযোগ্য অনুস্থানৰ পৰা বিভিন্ন ধৰণৰ কৃতিত্ব/বঁটা পাবলৈ সক্ষম হয় । ইয়াৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা 'প্ৰফেছাৰ এমেৰিটাছ', ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা 'ডি লিট্' উপাধি, অসম ভাষা সন্মিলনৰ পৰা 'ভাষাচাৰ্য', অসম সাহিত্য সভাৰ ভাষা সন্মিলনৰ পৰা 'সাহিত্যাচাৰ্য', হেমচন্দ্ৰ বৰুৱা ন্যাসৰ পৰা 'হেমচন্দ্ৰ বৰুৱা ভাষা-সাহিত্য সন্মান', আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি প্ৰতিষ্ঠানৰ পৰা 'আনন্দৰাম বৰুৱা বঁটা', সাতভনী অসম মিত্ৰ মঞ্চই প্ৰদান কৰা 'ভাষাগুৰু' সন্মান আদি উল্লেখযোগ্য ।
২০২০ চনৰ ২৪ জানুৱাৰীৰ দিনাখন ৰাতিপুৱা প্ৰায় ৬ বাজি ৩০ মিনিটত বাৰ্ধক্য জনিত কাৰণবশত ভাষাতত্ত্ববিদ ড৹ গোলোক চন্দ্ৰ গোস্বামী দেৱৰ বিয়োগ হয় । ড৹ গোস্বামী দেৱৰ বিয়োগৰ ফলত অসমৰ শিক্ষা, সংস্কৃতি, ভাষা, সাহিত্য জগতখনত এক বৃহৎ শূণ্যতাৰ সৃষ্টি হৈ পৰে । ড৹ গোলোক চন্দ্ৰ গোস্বামী দেৱে তেখেতৰ সহধৰ্মিণী, এজন পুত্ৰ, তিনি গৰাকী কণ্যা, জোৱাই তথা নাতি-নাতিনী সহ এখন ভৰপূৰ সুখৰ সংসাৰ এৰি থৈ যায় ।


0 Comments