কেঞাপটিৰ পিছফালে সোণাৰুৰ হাবিখনত
ওলমি আছিল
হালধীয়া সোণালী সোণাৰু ফুলৰ থোপা
আৰু বহুতো, অলেখ বাদুলি
আকাশৰ পেটত অসংখ্য বাদুলি
আকাশৰ পেটত অসংখ্য নোপজা শিশুৰ ভ্ৰূণ৷
সিহঁতে জানে,
তলৰ আকাশখনৰ ওপৰত পৃথিৱী
আকাশত ভিৰ দি ফুলপাতবোৰে মাটিৰ এন্ধাৰত
মেলি দিছে সিহঁতৰ শিপা৷
ৰাতিৰ ভাগৰ পলুৱাবলৈ মানুহকিজনী
শুই আছে
বিছনাবোৰ গাৰ ওপৰত লৈ৷
তললৈ মূৰ কৰি আমি ল’ৰাবোৰ
ওলমি আছোঁ চিলাৰ সূতাডালতে
ভেজা দি!
তাৰপিছত গধূলি৷
সিহঁত যেতিয়া উৰি যায়
গছবোৰে তেতিয়া মাটিত থিয় দিয়ে
আমি ল’ৰাবোৰে লেটাইত সূতা মেৰিয়াই
চিলাবোৰ নমাই আনো,
সিহঁত আচৰিত হয়
আকাশখন কেনেকৈ ওপৰলৈ উঠিল৷
সিহঁতে গায়ঃ
ওলমি পৰ ওলমি পৰ দুভৰিৰে মৃত্যুক খামুচি ধৰি
ইলেকট্ৰিকৰ তাঁৰত
আকাশখন তেতিয়া আকৌ
তললৈ সোমাই যাব
পৃথিৱীখনে আকাশক হেঁচা মাৰি ধৰিব
বিপৰীত বিহাৰত৷
ডাইনী প্ৰেমিকাৰ স্তনৰ হেঁচাত
প্ৰেম চূৰ্ণ হৈ যাব৷


0 Comments