আস্থা আলোচনী - সপ্তম বছৰ
নৱেম্বৰ ২০২৫
বুকুৰ আপোন জুবিন বিশেষ
বৰ্তমানলৈকে আমি জুবিন গাৰ্গক লৈ কোনো ধৰণৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কোনো অনুস্থানৰ আয়োজন কৰা নাই । হয়তো সঁচা অৰ্থত, আমাৰ মনবোৰে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ সাহস এই মুহুৰ্তলৈকে বুকুত আনিব পৰা নাই । জুবিন গাৰ্গ নামৰ সেই সত্বাটোৰো যে কেতিয়াবা মৃত্যু হ'ব পাৰে সেই কথাটো আমি বিশ্বাসত ল'ব নোৱাৰোঁ, কেতিয়াও নোৱাৰোঁ । আমি জুবিন গাৰ্গক চৰ্চা কৰিব পাৰোঁ, অধ্যয়ন কৰিব বিচাৰোঁ । আমি পঢ়িব বিচাৰোঁ সেই শক্তিটোক । ১৮ নৱেম্বৰ । ১৮ নৱেম্বৰটো আমাৰ বাবে সদায় বিশেষ । আমাৰ বুকুৰ আপোন জুবিন'ৰ ওপজা দিন । জুবিন অবিহনে প্ৰথম বাৰ এই বিশেষ দিনটো আমি উৎযাপন কৰিবলৈ আগবাঢ়িছো । এই দিনটো হওঁক গানৰ দিন, কবিতাৰ দিন, একতাৰ দিন, সাহসৰ দিন । দিনটো হওঁক মানুহে মানুহৰ বাবে কাম কৰাৰ দিন । আমি সকলোৱে জুবিনক চৰ্চা কৰিম সেই দিনটোত । প্ৰতিবছৰে আস্থাৰ ছেপ্টেম্বৰ আৰু অক্টোবৰৰ সংখ্যা জুবিন গাৰ্গলৈ উৎসৰ্গিত হ'ব সম্পূৰ্ণ ৰূপে ।
1st Link (click)-



0 Comments