জুবিন বিহীন শৰত সংখ্যা ২০২৫
ছয় ঋতুৰ কোনো এটা ঋতু যেন জুবিন গাৰ্গ অবিহনে কোনোবা খিনিত শূণ্য । কোনে কল্পনা কৰিব পাৰে সেই 'জুবিন' নামৰ শব্দটোক বাদ দি কোনো এক উৎসৱৰ আয়োজন (?) । কোনে কল্পনা কৰিব পাৰে সেই 'জুবিন' নামৰ শব্দটোক বাদ দি আনন্দ অথবা বিষাদ উৎযাপন (?) । আমি নোৱাৰোঁ । জুবিন মানেই যেন এক চিৰপৰিচিত শক্তি, সাহস ।
শাৰদীয় বিশেষ সংখ্যা, শাৰদীয় বতৰত আস্থাই শাৰদীয় বিশেষ সংখ্যা প্ৰকাশৰ বাবে আগবাঢ়িছিল । হঠাৎ জুবিন গাৰ্গৰ মৃত্যুৰ খৱৰে যেন সকলো উৎসাহ নিমিষতে অন্ত হৈ পৰিল । আমি জুবিন বিহীন শৰত জানো উৎযাপন কৰিব পাৰিম ? নাই, কোনেও নোৱাৰে ।
আমাৰ বুকুৰ আপোন জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যু প্ৰতিজন অসমীয়াৰ বাবে, জীৱনৰ বাবে এক দুঃস্বপ্ন । আমি সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যে তেওঁ য'তেই থাকে চিৰদিন কুশলে থাকক । তেওঁৰ সৃষ্টি, স্মৃতিবোৰ আমি বুকুত বান্ধি তেওঁৰ বাবে পুনৰ অপেক্ষা কৰিম । তেওঁ আহিব, নিশ্চয় আহিব, আমাৰ মাজলৈ সোনকালেই ঘুৰি আহিব ।।
আস্থাৰ এই সংখ্যাটো আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গিত । আলোচনীখনৰ এই সংখ্যাটো পঢ়ি কেনে পালে লগতে আপোনালোকৰ দিহা পৰামৰ্শ আমালৈ প্ৰেৰণ কৰি আমাৰ এই যাত্ৰাত উৎসাহ প্ৰদান কৰিব বুলি আশা কৰিলোঁ ।
আলোচনীখন পঢ়িবলৈ তলত ক্লিক কৰক-




0 Comments