অ’ মোৰ ঘোঁৰা গাড়ী
অ’ মোৰ চেতনাৰ খট্ খট্ ঘোঁৰা গাড়ী
অ’ মোৰ অবচেতনাৰ খট্ খট্ ঘোঁৰা গাড়ী
অ’ মোৰ আগে আগে ঘোঁৰা গাড়ী
অ’মোৰ পিছে পিছে ঘোঁৰা গাড়ী
মোৰ সোঁকাষে
মোৰ বাঁওকাষে
অ’মোৰ খট্খট্ ঘোঁৰা গাড়ী
মই য’লৈকে যাওঁ
খট্ খট্ খট্ খট্ শব্দত উঠি যাওঁ
মই য’ৰ পৰা উভতি আহোঁ
খট্ খট্ খট্ খট্ শব্দত উভতি আহোঁ
মই য’ত জিৰাওঁ
খট্ খট্ শব্দৰ ছাঁত
মই য’ত শোওঁ
খট্ খট্ খট্ খট্ গানৰ শেতেলিত
খট্ খট্ খট্ খট্ ময়েই ঘোঁৰা ছোৱাৰী
খট্ খট্ খট্ খট্ মোৰ সপোনেই যাত্ৰী
অ’ মোৰ চেতনাৰ ঘোঁৰা গাড়ী
অ’ মোৰ অবচেতনাৰ ঘোঁৰা গাড়ী
সূৰুযৰ চকা টানি টানি ঘোঁৰা গাড়ী
বতাহৰ পৰ্দা নচুৱাই নচুৱাই ঘোঁৰা গাড়ী
মোৰ হাঁহিৰ ঘোঁৰা গাড়ী
মোৰ কান্দোনৰ ঘোঁৰা গাড়ী
মোৰ টোপনিৰ মন্ত্ৰ _ ঘোঁৰা গাড়ীৰ খট্ খট্
মোৰ সাৰ পোৱাৰ সংকেত ঘোঁৰা গাড়ীৰ টং টং
অ’মোৰ দিগন্ত ৰেখাত উদয় হোৱা ঘোঁৰা গাড়ী
অ’ মোৰ দিগন্ত ৰেখাত অস্ত যোৱা ঘোঁৰা গাড়ী
এহেজাৰখন গীতাৰে বান্ধি ৰখা এটি সুৰ
খট্ খট্ খট্ খট্
মানুহৰ সদিচ্ছাৰ ঘোঁৰা গাড়ী
যিমান মানুহ আছে এই পৃথিৱীত
সকলোৰে দুৱাৰমুখত
খট্ খট্ খট্খট্ কৰে
মোৰ এই ঘোঁৰা গাড়ী
ঘোঁৰা গাড়ী হ’ল
শুভেচ্ছা পত্ৰ কঢ়িয়াই ফুৰা ডাকোৱাল
ৰবিবাৰেও যাৰ ডিউটি
অ’ মোৰ চেতনাৰ খট্ খট্ ঘোঁৰা গাড়ী
অ’ মোৰ অবচেতনাৰ খট্ খট্ ঘোঁৰা গাড়ী !
▪️▪️▪️
0 Comments