ষ্ট্ৰোক কেনেদৰে চিনাক্ত কৰিব ?

 ষ্ট্ৰোক কেনেদৰে চিনাক্ত কৰিব ?


কথাটো সাধাৰণ কিন্তু জানিলে বহুতৰে জীৱনত মৃতসঞ্জীৱনীৰ দৰে জীৱনবোৰ জী উঠিব 


ষ্ট্ৰোক কেনেদৰে চিনাক্ত কৰিব ? Astha Magazine


#জনহিতাৰ্থে প্ৰচাৰিত


▪️এটা সত্য ঘটনা


      এটা বিয়াৰ অনুষ্ঠানত এগৰাকী ভদ্ৰ মহিলা উজুটি খাই পৰি গ’ল । লগে লগে উঠি থিয় হৈ তেওঁ ক’লে যে সকলো ঠিকেই আছে , আৰু তেওঁ ইটাৰ টুকুৰা এটাত ভৰিতো লাগি উজুতি খালে বুলি জনালে । কোনোবাই এম্বুলেঞ্চ অনাৰ কথা ক’লে যদিও তেওঁ মান্তি নহ'ল আৰু নিজকে সম্পূৰ্ণ সুস্থ বুলি জনালে।


সকলো ঠিক ঠাক কৰি, পৰিস্কাৰ কৰি তেওঁ অনুষ্ঠানটিত যথেষ্ট সময় উপস্থিত থাকিল । কিন্তু তাৰ পিছৰ দিনা তেওঁৰ স্বামীৰ মুখেৰে গম পোৱা গ’ল যে মহিলা গৰাকী হাস্পতালত আছে । আৰু সন্ধ্যা ছয় মান বজাত তেওঁৰ মৃত্যু ঘটে !


মূলতে, আচলতে যিটো ঘটনা ঘটিছিল, সেইটো হ’ল, অনুষ্ঠান চলি থকাৰ সময়তে তেওঁৰ প্ৰেচাৰষ্টোকত আক্ৰান্ত হৈছিল । তাত কোনোবাই জনা হেতেন কেনেকৈ ষ্ট্ৰোক চিনাক্ত কৰা সম্ভৱ, তেতিয়া হয়তো মহিলা গৰাকী আজি জীৱীত থাকিল হেতেন ।


ষ্ট্ৰোক কেনেদৰে চিনাক্ত কৰিব ? Astha Magazine


এজন মস্তিষ্ক বিশেষজ্ঞই কৈছিল, যদি এজন ষ্ট্ৰোক আক্ৰান্ত ৰোগীক ষ্ট্ৰোক হোৱাৰ তিনি ঘন্টাৰ ভিতৰত হাস্পতাললৈ লৈ যোৱা হয়, তেন্তে তেওঁক সম্পূর্ণভাবে সুস্থ অবস্থাত ঘুৰাই পোৱা সম্ভৱ । কেৱল আমি জানিব লাগিব যে কেনেদৰে ষ্ট্ৰোক চিনাক্ত কৰা যায়, আৰু জানিব লাগিব চিনাক্তকৰণৰ পিছত কিমান সময়ৰ ভিতৰত ৰোগীক হাস্পতালত ভৰ্তি কৰিব লাগে ।


এতিয়া কথা হ’ল-- ষ্ট্ৰোক কেনেদৰে চিনাক্ত কৰিব...?


▪️সহজ তিনিটা উপায়ঃ- 


S, T আৰু R...প্ৰথম তিনিটা আখৰ ।


S – Smile  ৷ 

ৰোগীক হাঁহিবলৈ দিয়ক ।


T – Talk  ৷ 

ৰোগীক আপোনাৰ লগে লগে এটা বাক্য ক’বলৈ দিয়ক । 

উদাহৰণঃ “আজিৰ দিনটো বহুত সুন্দৰ ।”


R – Raise hands  ৷ 

ৰোগীক একেলগে দুইখন হাত ওপৰলৈ তুলি ধৰিবলৈ দিয়ক ।


ইয়াৰ যিকোনো এটাতে যদি ৰোগীৰ সমস্যা বা কষ্ট হয়, দেৰি নকৰি তৎক্ষণাত তেওঁক হাস্পতাললৈ লৈ যাওক আৰু চিকিৎসকক সমস্যাটো খুলি কওক ।


চিনাক্তকৰণৰ আৰু এটা উপায় হৈছে--

ৰোগীক তেওঁৰ জিভা খন বাহিৰলৈ উলিয়াবলৈ দিয়ক । যদি তেওঁৰ জিভাখন মুখৰ ভিতৰতে ভাঁজ হৈ থাকে, অথবা যদি বেঁকা হৈ যিকোনো এফালে পৰি যায়, সেইটোও ষ্ট্ৰোকৰ লক্ষণ ৷ তৎক্ষণাত তেওঁক হাস্পতাললৈ নিনিলে অথন্তৰ হ’ব পাৰে ।


এজন খ্যাতনামা হৃদৰোগ বিশেষজ্ঞই কৈছিল, যদি আমি সকলোৱে এই সহজ কৌশলবোৰ জানি থওঁ, তেতিয়া আমি যিকোনো এজনৰ হ’লেও জীৱনটো ৰক্ষা কৰিবলৈ সক্ষম হ’ম ।


এতিয়া আপুনি শিকিলে, আৰু লগতে আপোনাৰ বন্ধু আৰু প্রিয়জনকো শিকাই ৰাখক ৷

অন্ততঃ কাৰোবাৰ জীৱনটো বচোৱাত সহায় হ'ব ।


 ©️ social media 

Post a Comment

0 Comments