কোনে কাক উচ্ছেদ কৰিব পাৰে ?
▪️ নীলিম কুমাৰ
কোনে কাক উচ্ছেদ কৰিব পাৰে
জন্মিছে যেতিয়া এই পৃথিৱীত
এই পৃথিৱী আপোনাৰ
এটি জন্তু অৰণ্যত যেতিয়া জন্মে
কোনে তাক উচ্ছেদ কৰিব পাৰে
অৰণ্যৰ পৰা ?
এহালি চৰাই
প্ৰেম কৰে , বাহ সাজে
কণী পাৰে , পোৱালি দিয়ে
আকাশত উৰে
কোনে উচ্ছেদ কৰিব পাৰে সেই চৰাইক
আকাশৰ পৰা ?
কোনে কাক উচ্ছেদ কৰিব পাৰে
এই পৃথিৱীৰ পৰা ?
জন্মিছে যেতিয়া এই পৃথিৱীত
এই পৃথিৱী আপোনাৰো
বুলড’জাৰবোৰক প্ৰশ্ন নকৰিব
প্ৰশ্ন কৰক পৃথিৱীক
এই পৃথিৱী কাৰ ?
কাৰ ?
আকাশে বতাহে পৃথিৱীয়ে
সকলোৱে ক’ব _ জনতাৰ জনতাৰ
জন্মিছে যেতিয়া এই পৃথিৱীত
এই পৃথিৱী আপোনাৰ
▪️▪️▪️
0 Comments