তাক ভালকৈ ৰাখিবা ।। নীলিম কুমাৰ

 তাক ভালকৈ ৰাখিবা

● নীলিম কুমাৰ


মই তোমাৰ হাতত মোক দি থৈ আহিলোঁ

তাক ভালকৈ ৰাখিবা


মই তাক ভালকৈ ৰাখিব পৰা নাই

মই ৰাতিপুৱাৰ পৰাই তাক কন্দুৱাইছোঁ ,

মই তাৰ মুখত এচামুছ হাঁহিও 

তুলি দিব নোৱাৰিলোঁ

মই তাক ভালকৈ ৰাখিব পৰা নাই 


সি সৈনিকৰ পোচাক এযোৰ বিচাৰিছিল

মই তাক দিব নোৱাৰিলোঁ ,

মই তাক ভালকৈ ৰাখিব পৰা নাই 


মই তোমাৰ হাতত মোক দি থৈ আহিলো

তাক ভালকৈ ৰাখিবা

তাক ভালকৈ ৰাখিবা


সি বৰ থুনুকা আছিল

সি সোফালৰ পৰা ভাঙিছে

সি বাওঁফালৰ পৰা ভাঙিছে

সি ওপৰৰ পৰা ভাঙিছে

সি তলৰ পৰা ভাঙিছে

সি গুৰি হৈ যাব ...


ৰঙা পৰুৱাবোৰেও সেই গুৰিবোৰ নিনিয়ে 

তাক ভালকৈ ৰাখিবা

মই তাক ভালকৈ ৰাখিব পৰা নাই ...


Post a Comment

0 Comments