মা দুৰ্গা, কিবা এটা লিখিলেই হাত কঁপে
কঁপা হাতখন আম্বেদকাৰৰ!
তেওঁ এজন দলিত; উচ্চ বৰ্ণৰ পবিত্ৰ দলং পাৰ হৈ তেওঁ যাব নোৱাৰে নিজ গাঁওলৈ আজিও
কিজানিবা কোনোবাই গতা মাৰি দিয়ে!!
মা দুৰ্গা, বহুতেই কয় বন্দুকতকৈ শ্ৰেষ্ঠ কলম
কলমটো লৈও হাতত কঁপে হাত
হাতখন ক্ষুদিৰাম বোস আৰু ভগৎ সিঙৰ
তেওঁলোকে মাতা ভাৰতৰ সুৰক্ষাৰ বাবে বোমা বনাইছিল, মাতা ভাৰতৰ সতীত্ব ৰক্ষাৰ বাবে ফিৰিঙিক বোমা দলিয়াইছিল
আজি বহুতেই ভাবে তেওঁলোক সন্ত্ৰাসবাদীৰ জাক
নকৈ জন্ম লোৱা স্বদেশৰ ক'লা বৃটিছৰ বাবে তেওঁলোক আজিও খতৰনাক !
মা দুৰ্গা, হাতখন কঁপে ঝাঞ্চীৰ ৰাণী লক্ষমীবাঈৰ
ঘোঁৰাত উঠি কালৈ বন্দুক টোৱাব তেওঁ?
চৌপাশে দেশৰ ৰক্ত শুহি নিয়া দেশীয় শোষকৰ বুকু
নতুন যুগৰ দুশাসনৰ লোলুপ চকু
মা দুৰ্গা, সকলোৰে হাত কঁপে, বুকু কঁপে ,ভৰি কঁপে, মাত কঁপে
বাঘা যতীনে স্বাধীনতাৰ ভোজভাত
আজিও নাখাই অনশনত ৰাতি পাৰ কৰে ভয়ত
ফাঁচিত উঠা কুশল কোঁৱৰে যেন কয়
-দেশখন ফাঁচিকাঠ হ'ল
মা দুৰ্গা, কিবা এটা ক'ব খুজিলেই ওঠঁ কঁপে, জিভা কঁপে
মংগল পাণ্ডে বোবা হৈ গ'ল
আৰু কিমান বেত্ৰাঘাত, গুলিঘাত সহ্য কৰিব জনগণে
সুভাষ বোসে চিঠি লিখে- দুনাই উভতি নাযাও মোৰ স্বদেশলৈ
পোতাশালেই ভাল
দেশত মনুষ্যত্ব, আত্মাভিমানৰ ইমান আকাল!
মা দুৰ্গা, ইয়াত ধৰ্ষিতা নাৰীৰ চকুপানী আৰু চিঞৰেৰে কেৱল টিভি চেনেলৰ মনোৰঞ্জন চলে
মন গ'লেই ধৰ্ষকে পাঠ কৰে মনু সংহিতা
পৰিয়ালক ওপচাই দিয়া হয় খমখম টকা
নিশ্চুপ থাকে স্বাধীনতা
মা দুৰ্গা, আৰুনো কি ক'ম- কিমান ক'ম
হে মাতা
যাক তুমি বাৰে বাৰে কৰিছা হত্যা
সেই মহিষাসুৰহঁত আজি জন গণ মন
ভাৰতবৰ্ষৰ ভাগ্য বিধাতা!
0 Comments