পিঠিৰ বিষ আৰু চিকিৎসকৰ পৰামৰ্শ

পিঠিৰ বিষ


কঁকালৰ ওপৰৰ পৰা ডিঙিৰ তললৈকে বহল অংশক আমি পিঠি বুলি কওঁ ৷ ৰাজহাড়ডাল পিঠিৰ মাজেৰে তললৈ নামি গৈছে আৰু ওপৰ অংশত দুয়োফালে স্কেপুলা দুটা কান্ধৰ হাড়ত সংলগ্ন হৈ আছে যাক মাংসপেশীয়ে ঢাকি ৰাখিছে ৷ একেদৰে ৰাজহাড় আৰু কামিহাড়ক আৱৰি সৰু ডাঙৰ বহু মাংসপেশী আছে ৷ 

বিষৰ কাৰণ- 
ক) মাংসপেশীৰ বিষ- পিঠিত থকা পেশীবোৰত অত্যধিক চাপ পৰিলে বা অত্যধিক ব্যৱহাৰ কৰিলে, ওজন দাঙিলে মাংসপেশীৰ বিষ হব পাৰে ৷ 

খ) কামিহাড়ৰ বিষ- কোনো আঘাতত কামিহাড় ফাটিলে, ভাঙিলে বা কামিহাড়ত হোৱা নানা ৰোগৰ বাবেও পিঠিৰ বিষ হব পাৰে ৷ 

গ) ৰাজহাড়ৰ বিষ- শ্লিপ ডিস্ক, ৰাজহাড়ৰ বিভিন্ন সংক্ৰমণ, টিউমাৰ বা বুকুৰ পাছফালে ৰাজহাড়ৰ কোনো অংশত আঘাত পালে পিঠিৰ বিষ হব পাৰে ৷ 

ঘ) অন্যান্য ৰোগৰ পাৰ্শ্বক্ৰিয়া- বৃক্কত পাথৰ হ’লে বা সংক্ৰমণ হ’লে কামিহাড়ৰ ঠিক তলত ৰাজহাড়ৰ কাষত বিষ পোৱা যায় ৷ একেদৰে পিত্তথলীৰ পাথৰ হ’লে  পিঠিৰ সোঁফালে বিষ অনুভৱ কৰিব পাৰে ৷ হাঁওফাঁওৰ কিছু ৰোগত আক্ৰান্ত হ’লেও কেতিয়াবা পিঠিত বিষ অনুভূত হয় ৷

ৰোগৰ লক্ষণ-
পিঠিৰ মাংসপেশীৰ বিষ সাধাৰণতে মিহি মিহিকৈ আৰাম্ভ হয়, জিৰণি ললে বিষ কমি যায় ৷ কামিহাড়ৰ আঘাত বা ৰোগৰ কাৰণে হোৱা বিষ সাধাৰণতে উশাহ ল’লে বাঢ়ে ৷ ৰাজহাড়ৰ ৰোগ হ’লে বিষ ঠিক পিঠিৰ মাজভাগতে হয়, লৰচৰ কৰিলে বিষ বাঢ়ে ৷ ৰাজহাড়ৰ কাষৰ মাংসপেশীবোৰ টান হৈ হেঁচা মাৰি ধৰা যেন অনুভৱ হয় । বৃক্কৰ পাথৰ হ’লে কামিহাড়ৰ ঠিক তলতে অনবৰতে লাগি থকা অসহ্যকৰ বিষ হোৱা দেখা যায় ৷ পিত্তথলীৰ পাথৰ হ’লে সাধাৰণতে বিষ পেটৰ সোঁফালে আৰাম্ভ হৈ পিঠিলৈ বিয়পি যায় ৷ একেদৰে কেতিয়াবা পিঠিত ছুৰী বহুৱাই দিয়াৰ দৰে অসহ্য বিষ হোৱা দেখা যায়, হাঁওফাঁওৰ ৰোগ বা হাঁওফাঁওৰ ঢাকনিৰ (প্লুৰা) সংক্ৰমণৰ বাবে এনে বিষ হয় ৷ 

ৰোগ নিৰ্ণয়-
এক্স-ৰে/ এম আৰ আই- ৰাজহাড়ৰ বা কামিহাড়ৰ আঘাত আৰু ৰোগ গম পাবলৈ এক্স-ৰে কৰা হয় ৷ কেতিয়াবা জটিল বিষয়ত ৰাজহাড়ৰ এম আৰ আই কৰাবলগীয়া হব পাৰে ৷ বুকুৰ এক্স-ৰে কৰি হাঁওফাঁওৰ ৰোগ নিৰ্ণয় কৰিব পাৰি ৷
আল্ট্ৰাছ’ন’গ্ৰাফী-
পিত্তথলী বা অন্য অংগত থুপ খোৱা পাথৰৰ উপস্থিতি জানিবলৈ আল্ট্ৰাছ’ন’গ্ৰাফীৰ সহায় লোৱা হয় ৷ 

চিকিৎসা- 
জিৰণি পিঠিৰ বিষৰ মহৌষধ ৷ ঘৰতে গৰম সেক লৈ মাংসপেশীৰ বিষৰ পৰা আৰোগ্য লাভ কৰিব পাৰি ৷ ৰাজহাড়ৰ বিষত ফিজিঅ’থেৰাপী চিকিৎসাত যথেষ্ট সুফল পোৱা যায় ৷ পৰীক্ষা নিৰীক্ষাৰ পৰা সংক্ৰমণ বা টেমুনাৰ উপস্থিতি ধৰা পৰিলে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লৈ দৰৱ ব্যৱহাৰ কৰিব লাগে ৷ পিত্তথলী বা বৃক্কৰ পাথৰৰ বাবে দৰৱৰ লগতে যথোপযুক্ত অস্ত্ৰোপচাৰৰ প্ৰয়োজন হব পাৰে ৷

✒ ডাঃ প্ৰণৱ চক্ৰৱৰ্তী
     (ফিজিঅ’থেৰাপিষ্ট)


আস্থা সম্পাদনা কক্ষ = ডাঃ চক্ৰৱৰ্তী দেৱলৈ 
আস্থাৰ প্ৰতিজন সদস্যৰ তৰফৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ।

Post a Comment

0 Comments