শোৱনি-কোঠাটোত সোমালোঁ
(নীলপৱন বৰুৱালৈ)
৹ নীলমণি ফুকন
শোৱনি-কোঠাটোত সোমালোঁ
তেওঁ নাই বিছনা চকী মেজ দাপোণ হাতকানি
টোপনিত লালকাল
ৰঙা সুমথিৰা টোপনি
বিশুদ্ধ শান্তিৰ কি যন্ত্ৰণাময় পোহৰৰ
কালাতীত কাল
দ্বন্দ বিষাদ নিঃসঙ্গ আৱেগ-বিক্ষুব্ধ আত্মাৰ আৰ্ত আনন্দত
ফলৰ মাজৰ ফুল হৈ ফুলি তেওঁ ৰাতিৰ এজোপা ছাইপ্ৰেছ গছ
ঘূর্ণিত এটা নীল নক্ষত্র
আমাৰ বুকুত সজাই থৈ
সূৰ্যৰ মুখৰ
হালধীয়া এডোখৰ
পকি থকা ঘেঁহুৰ মাজেৰে
কোনেও নেদেখাকৈ তেওঁ—
ভিন্ছেণ্ট গ'লগৈ
আকাশত সেউজীয়া মেঘ
সেউজীয়া বাটটোত
সেয়া আমাৰেই তেজ
0 Comments