চয়াবিন- খাদ্য নে অখাদ্য ?

 


আমাৰ দৈনন্দিন খাদ্য তালিকাৰ বস্তুবোৰৰ ভিতৰত চয়াবিন এক বিতৰ্কিত সামগ্ৰী ৷ মানুহৰ মাজত চয়াবিন বিভিন্ন ৰোগত বেয়া বুলিয়ে চৰ্চা লাভ কৰি আহিছে ৷ আমাৰ ওচৰলৈ অহা প্ৰায়বোৰ ৰোগীয়ে প্ৰায়ে চয়াবিন খাব পাৰি নে নোৱাৰি শুধি যায় ৷ পাৰি বুলি ক’লে অলপ সন্দেহৰ চকুৰে চাই কয় অমুকে দেখোন নোৱাৰি বুলি কৈছে ! আহকচোন চমুকৈ আলোচনা কৰোঁ-


চয়াবিন প্ৰ’টিনযুক্ত । লগতে অসংপৃক্ত চৰ্বি আৰু ওমেগা ৩ ফেটিএচিডৰ আধাৰ ৷ আমি প্ৰায়ে খাই থকা কণী, গাখীৰ বা মাংসতকৈ উচ্চহাৰত ইয়াত প্ৰ’টিন পোৱা যায় , যি শৰীৰৰ বাবে অতি দৰকাৰী ৷  


চয়াবিনে মেন’প’জৰ সময়ত মহিলাৰ হাড় ক্ষয় যোৱাৰ পৰা ৰক্ষা কৰে (অষ্টিওপ’ৰ’ছিছ) ৷ লগতে ইয়াত থকা যথেষ্ট পৰিমাণৰ ইচ’ফ্লেভনে অন্য বিভিন্ন শাৰীৰিক সমস্যাৰ পৰা সকাহ দিয়ে ৷ 


ওমেগা ৩ ফেটিএচিড আৰু ফাইবাৰৰ উন্নত ভড়াল হোৱা হেতুকে চয়াবিনে ক’লেষ্ট্ৰলৰ পৰিমাণ হ্ৰাস কৰে ৷


ই শৰীৰৰ হাড়ৰ গঠন ভাল কৰে আৰু হজম শক্তিও বঢ়ায় বুলি গৱেষণাই কয় ৷


চয়াবিনে মেংগানিজ, আইৰন, কেলচিয়াম, মেগনেছিয়াম আদি খনিজ দ্ৰব্য শৰীৰক যোগান ধৰে ৷


যথেষ্ট আঁহযুক্তখাদ্য হোৱা হেতুকে  চয়াবিনে দেহৰ ওজন নিয়ন্ত্ৰণ কৰাত আৰু ডায়বেটিছৰ বিৰুদ্ধে যুদ্ধ কৰাত সহায় কৰে ৷


চয়াবিনত থকা মেগনেছিয়ামে টোপনিৰ সমস্যাৰ (ইনছম্‌নিয়া) লগত যুদ্ধ কৰাত সহায় কৰে ৷


চয়াবিনত শৰীৰৰ বাবে দৰকাৰী ভিটামিন বি, ৰাইব’ফ্লেভিন, ফ’লেট আদিও পোৱা যায় ৷


কিহত বেয়া-

   সকলো খাদ্যৰে অত্যাধিক বেয়া ৷ বেছিকৈ খালে সুখাদ্যও অখাদ্য হয় ৷ চয়াবিন বেছি পৰিমাণে বা নিয়মীয়াকৈ খালে শৰীৰত ইষ্ট্ৰ’জেন হৰমণৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে আৰু ফলস্বৰূপে পুৰুষসকলে বিশেষকৈ শৰীৰত হৰমণৰ তাৰতম্য বা বিসংগতি অনুভৱ কৰিব পাৰে ৷ চয়াবিনত কিছুপৰিমাণে এন্টিথাইৰয়ড দ্ৰব্য থকা হেতুকে ই কেতিয়াবা থাইৰয়ড গ্ৰন্থিৰ ক্ৰিয়াত ব্যাঘাত জন্মাব পাৰে ৷ বেছি পৰিমাণে ভক্ষণ কৰিলে শৌচ টান হয় আৰু ওকালি আহিব পাৰে ৷ বিশেষজ্ঞ সকলে ইউৰিক এচিডৰ সমস্যা থাকিলে খাদ্যতালিকাত চয়াবিনৰ  ব্যৱহাৰ হ্ৰাস কৰাৰ পৰামৰ্শ দিয়ে ৷ চয়াবিনে ইউৰিক এচিড বৃদ্ধি কৰে, ফলস্বৰূপে হাড়ৰ গাঠিবোৰত বিষ অনুভৱ হব পাৰে ৷ দীৰ্ঘদিন ইউৰিক এচিডৰ বৃদ্ধিয়ে কিডনী ৰ ক্ষতি কৰে ৷

   মুঠৰ ওপৰত চয়াবিন শৰীৰৰ কাৰণে ভাল, মাত্ৰ মাত্ৰাধিক ব্যৱহাৰৰ পৰা বিৰত থাকিব লাগে  ৷


 ডাঃ প্ৰণৱ চক্ৰৱৰ্তী

Post a Comment

1 Comments