আস্থা - আগষ্ট ২০২০

আস্থা কাব্যালোচনী


ঊনবিংশ সংখ্যা :: বছৰ- ০৩, আগষ্ট - ২০২০


আস্থা - আগষ্ট ২০২০


আস্থা ই-কাব্যালোচনী পঢ়ুৱৈ তথা সাহিত্য প্ৰেমী সমাজৰ মৰমৰ বলত এখন লেখত ল'বলগীয়া আলোচনী হোৱাৰ বাবে অপ্ৰাণ চেষ্টা কৰি থকা হৈছে । আপোনাসৱৰ সহযোগিতা আমাৰ বাবে গৌৰৱৰ কথা । আস্থাৰ প্ৰতিজন সদস্য আমাৰ বাবে একো একোজন অভিভাৱক স্বৰূপ । এনেবোৰ মৰম আৰু সহযোগিতা আমাৰ বাবে সদায় কাম্য ।

আস্থা এই (ঊনবিংশ সংখ্যা, বছৰ- ০৩, আগষ্ট - ২০২০) সংখ্যাটো আকৰ্ষণীয় ৰূপত আপোনালোকৰ মাজলৈ আগবঢ়াই দিয়াৰ প্ৰয়াস কৰা হৈছে । এই সংখ্যাটোত মূলতঃ তিনিটা শিতান অন্তৰ্ভুক্ত কৰা হৈছে । কবিতা, মহাবিদ্যালয়/বিশ্ববিদ্যালয় পৃষ্ঠা শিতান আৰু চিত্ৰ কলা শিতান । মহাবিদ্যালয়/বিশ্ববিদ্যালয় পৃষ্ঠা শিতানৰ এই সংখ্যাত সজাইছে নলবাৰী স্থিত 'কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়' ৰ ছাত্ৰ ছাত্ৰী সকলে । ঠিক তেনেদৰে চিত্ৰ কলা শিতানটো আকৰ্ষণীয় ৰূপত সজাইছে তেজপুৰৰ চয়নিকা সৃষ্টি বৰাই । লগতে প্ৰনৱ কুমাৰ বৰ্মন, হিমাংশু প্ৰসাদ দাস আদি জনপ্ৰিয় কবিৰ লগতে একেটা শিতানতেই বহু নবীন প্ৰবিন কবিৰ কবিতা সন্নিৱিষ্ট কৰা হৈছে ।

আস্থা - আগষ্ট ২০২০

আগষ্ট সংখ্যাৰ বেটুপাতত দেখা পোৱা গৈছে লুতফা আখতাৰাৰ এখন সুন্দৰ প্ৰতিচ্ছবি । প্ৰতিচ্ছবি খনে আস্থা ঊনবিংশ সংখ্যাৰ বেটুপাত আৰু অধিক আকৰ্ষণীয় কৰি তুলিছে । ইয়াৰ লগতে জনোৱা হয় যে বেটুপাতৰ বাবে আপোনালোকে আগতীয়া ভাৱে যোগাযোগ কৰাটো বাঞ্চনীয় । 

আস্থা - আগষ্ট ২০২০

বিভিন্ন ধৰণৰ বিজ্ঞাপনৰ বাবে পোনপটীয়া ভাৱে যোগাযোগ কৰিব পাৰে । গ্ৰন্থ বিজ্ঞাপন প্ৰচাৰ আস্থাৰ জৰিয়তে সম্পুৰ্ণ বিনামূলীয়া । অধিক তথ্যৰ বাবে আমাৰ what'sapp অথবা email ত যোগাযোগ কৰিব পাৰে ।

আস্থা - আগষ্ট ২০২০

'বিশেষ মহাবিদ্যালয়/বিশ্ববিদ্যালয় সংখ্যা'ৰ পিছত আস্থাৰ জৰিয়তে এইবাৰ প্ৰকাশ হব 'বিশেষ সাংবাদিক সংখ্যা' । আস্থাৰ এটা সংখ্যা কবিতাৰে সাজি উলিয়াব সাংবাদিক সকলে । ব্যস্ততাৰ মাজৰ পৰাও সময় উলিয়াই তেওঁলোকে কৰা চৰ্চা সমুহ আস্থাৰ জৰিয়তে প্ৰকাশ কৰাৰ পৰিকল্পনা কৰা হৈছে । এই ক্ষেত্ৰত সকলো সুহৃদৰ সহযোগিতা আৰু পৰামৰ্শ সম্পাদনা সমিতিয়ে কামনা কৰিছে ।

আস্থাৰ আগষ্ট সংখ্যাটো পঢ়িবলৈ তলত থকা লিংকটোত ক্লিক কৰক । সকলোলৈকে শ্বেয়াৰ কৰি আমাক সহযোগিতা কৰিব পাৰে ।


তলত থকা দ্বিতীয় লিংকটোত গৈ পঢ়াৰ সুবিধা লাভ কৰিব পাৰে 



Post a Comment

1 Comments