বাইপাছ :: Pranab Kumer Barman Poem

"বাইপাছ"

প্ৰণৱ কুমাৰ বৰ্মন


বাইপাছ :: Pranab Kumer Barman Poem

আজিকালি সকলো বাইপাছ হৈ গুছি যায়

অটো টেক্সী বাছ
দাঁতিৰ চহৰখন এলাগী হৈ নিলগত থাকি যায়

বাইপাছ হৈ গুছি যায় লভ এট ফাৰ্ষ্ট চাইটৰ আধুনিক ব্যাখ্যাৰ প্ৰেম
বাইপাছ হৈ গুছি যায় অনুভূতিবোৰ -অহংকাৰ আৰু প্ৰতিশোধৰ তীব্ৰ গতিৰে
চকুপানীৰ ঠাইত অট্যহাস্য
হাঁহিৰ ঠাইত চেলেঞ্জ

বাইপাছ হৈ গুছি যায় বুদ্ধিজীৱিৰ চিন্তা -শ্ৰমজীৱিৰ
নিৰাপদ দূৰত্বইদি

আনকি কবিৰ পৰা বাইপাছ হৈ গুছি যায় কবিতা
কবিতা এতিয়া কম্পিউটাৰে গিলি খোৱা
তৃতীয় পৃথিবীৰ বিলাস

বাইপাছৰ দূৰৈত পুৰণি স্মৃতিময় চহৰখনত
কবিতা পাহৰা কবি পৰি থাকে ৱাইনশ্বপৰ বাৰান্দাত
তেওঁৰ কাম্য প্ৰিয় স্বাধীনতাও জনতাৰ পৰা বাইপাছ হৈ ৰাজধানীলৈ গুছি যায় ।

Post a Comment

1 Comments