ভাই, অক'মান উদ্যত বন্দুকটো নমাই লোৱা :: Pranab Kumer Barman Poem ::

"ভাই,অক'মান উদ্যত বন্দুকটো নমাই লোৱা" 

প্ৰণৱ কুমাৰ বৰ্মন

ভাই, অক'মান উদ্যত বন্দুকটো নমাই লোৱা :: Pranab Kumer Barman Poem ::


ভাই,অক'মান উদ্যত বন্দুকটো নমাই লোৱা
এয়া চোৱা,মই মাটিত গুজি থ'লো মোৰ ৰাইফল

অক'মান খেজুৰ জোপাৰ তলত বহো ব'লা
কথা পাতো দুআষাৰ
আমিতো কোনোকালে মুখামুখি কথা পাতি পোৱা নাই !
আমিতো কথা পাতো বন্দুকৰ নলেৰে
গুলিবোৰ আমাৰ হৈ পৰে প্ৰাণৰ ভাষা
ভাই আজি কথা পাতো  ব'লা

কোৱা কিমান দিন সপোনলৈ বৈ অহা নাই স্মৃতিৰ নদী
কিমান দিন ফুল হৈ তোমাৰ বুকুখন বিচাৰি অহা নাই প্ৰিয় নাৰী
কোনো শিশুই আহি কোলাত বহি তোমাৰ সোধা নাই -মামা ,দেশক কিয় কয় মা?
মামা,মচিব নোৱাৰি নেকি মাটিৰ সীমা
এজাক বৰষুণতে চোন মাটিত মই অঁকা ছবিবোৰ মচা যায়
তোমালোকে কিয় বন্দুকৰ সলনি বৰষুণক নকৰা প্ৰাৰ্থনা
ভাই,অক'মান শেন যেন তীক্ষ্ণ চকুযুৰি জপাই দিয়া
বিশ্বাসত আস্থা ৰাখি দীঘল উশাহেৰে বুকু ভৰাই লোৱা পৃথিৱীৰ বতাহ
ভাই অক'মান বন্দুকটো নিলগাই ৰাখা
আকাশলৈ মুখ কৰি শোৱা
আৰু ৰ'দৰ গান শুনা
সূৰ্য্যৰ জানো আছে সীমা ?ৰ'দৰ সীমা?
আমাৰ পৃথিৱী নহয় জানো আমাৰ মা?

তোমাৰ স্বদেশৰ বতাহে মোলৈ কিয় লৈ আহে অম্লজানৰ উপহাৰ
মোৰ স্বদেশৰ ৰ'দে তীব্ৰ শীততো কিয় দিবলৈ যায় তোমাক উত্তাপ
তোমাৰ স্বদেশৰ বৰষুণজাকে কিয় শ্ৰীবৃদ্ধি কৰে মোৰ খেতিডৰা উজলাই মোৰ ঘৰ
মোৰ স্বদেশৰ ভূইকঁপটোৱে কিয় কঁপায় বিশ্ব চৰাচৰ
কোৱা ভাই কোৱা তুমিও মোৰ দৰেই খামীডাঠ
বন্দুক টোৱাই কিয় আমি ৰোধিব নোৱাৰো বজ্ৰপাত

ভাই অক'মান উদ্যত বন্দুকটো নমাই লোৱা
এয়া চোৱা ময়ো মাটিত গুজি থ'লো মোৰ ৰাইফল
ভোকত একেই আহাৰৰ বাবে হাহাকাৰ
পিয়াহত একেই জল

যুদ্ধ শেষ হ'ব
বিজয়ৰ পতাকা উৰিব
জয়গান গাব দেশৰ জনতাই
বেলুন উৰিব আকাশ ছানি

তোমাৰ মোৰ শৱদেহ দুটাই লৈ যাব
আপোন ঘৰলৈ মাথোঁ চকুপানী !

আমালৈ লেখা প্ৰেৰণ কৰিব পাৰে । 
আমাৰ official email- niyamiyaastha@gmail.com 

Post a Comment

1 Comments