হীৰেন ভট্টাচাৰ্যৰৰ কবিতা
![]() |
| Photo :: Internet |
ক/
শুকান বতাহজাকে
পাতবোৰ উৰুৱাই নিয়ে৷
ৰাংঢালি চৰাইবোৰে গছৰ ডালত পৰি নাচে,
জুনুকাৰ জুনজুননিত
সাৰ পায় কুঁহিপাতে৷
খ/
শিমলুৰ সৌ ৰঙাপাহিত
তুমি আহি মাৰিলা হাঁহি৷
হাঁহি নে বাঁহীৰ খলখলনিত
উৰি গুচি গ’ল এজোলা তুলা,
দুপৰৰ এই বননিত
তুমি বাৰু কেলেই এনেকৈ শুলা?
গ/
ফাগুনে মায়া জানে
ৰাতি হ’লে শুকান ডালে ডালে
জোন জ্বলি উঠে৷
হিয়া ভাঙি অমাতৰ মাত মাতে
কৰুণ কেতেকীয়ে৷
ঘ/
ফাগুনে কিনো দিলে কিনো নিলে
মোৰ প্ৰেমৰ জোন
তোমাৰ ডিঙিত দেখোন
ৰাতি হ’লে গান শুনাৰ চলে জিলমিলাই জ্বলে৷
"তেজৰ আখৰেৰে"
“ইমান অলপতে বিচলিত হ’লে
তোমাৰ বাৰু কেনেকৈ চলে?”
শিলুৱা এন্ধাৰে মোক এইবুলি ক’লে৷
কবি মই নাছিলো কোনোকালে
ব্যৰ্থতাৰ এন্ধাৰে মোক মাথোঁ
সত্যক সহজে ল’বলৈ শিকালে৷
কবি মই নাছিলো কোনোকালে৷
"প্ৰেমৰ পিঞ্জৰ"
মই
এক আচৰিত
প্ৰেমৰ পিঞ্জৰত
বন্দী৷
মোৰ
দুৱাৰৰ অদূৰত
তুমি!
যেন সোণালী শস্যভূমি৷
মই
প্ৰেমৰ পিঞ্জৰত
বন্দী...
"মোৰ দেশ আৰু আনুষংগিক"
বন্দুকৰ অনল
অথবা, চকুপানীৰে সৰে
ৰোষৰ আঙুৰ থোকে-থোকে৷
মোৰ হিম-শীতল
কলিজা কামুৰি ধৰে
আত্মীয়তাৰ কঠিন শোকে৷
ৰোষৰ তেজাল
আঙুৰ সৰে থোকে-থোকে৷
"ছহিদ"
যাৰ;
তেজত তিৰবিৰাইছিল
তৰালি,
বুকুত,
গুণগুণাইছিল
মৌমাখি----
সি নিজানে-নিতালে
শুই আছে৷
শিতানত তাৰ
তেজে ধোৱা মাটি৷
"তৰুণ তেজ"
ফুল নহয়, গছ যেন সতেজ
ঢৌ নহয়, সোঁত যেন সবেগ
মোৰ ক্লান্ত শিৰাৰ তৰুণ তেজ
কোন জোৱাৰৰ বাবে উদ্বেগ!
"ফুল নহয় মূল"
ফুলবোৰ,
বৰ অলপতে শুকাই
লেৰেলি যায়!
বাহি ফুলৰ পাহি
সৰি সৰি
মোৰ চোতাল একাঁঠু হয়৷
এইবাৰ,
এডোঙা তেজৰ তলত
ফুল নহয় পুতি থ’লো মূল৷
কলিজাৰ গভীৰ গোপনত
শিপাডাল বাঢ়ে... ...
বাঢ়ে দোপে-দোপে৷
"কৰুণ হাত"
মই সুধিছিলো
দেৱতাৰ মন্দিৰৰ বাট কেনি?
তাই আগৱঢ়াই দিলে
চকুলোৰে সেমেকা হাতখনি৷
"তুমি যদি আহিলাহেঁতেন"
ক
ইচ্ছাৰ কোমল আঙুলিৰে
ৰক্তস্ৰাৱী হৃদয়ৰ
ছিঙা তাঁৰবোৰ জোৰাবলৈ
তুমি যদি
আহিলাহেঁতেন
ঘৰমুৱা চৰাইজাকৰ সতে
থোৰ মেলা ধানৰ বুকুৰে!
নৈ হৈ বৈ অহা আবেলিৰ
সোণোৱালী ৰ’দৰ দৰে?
খ
তুমি আহিলে
আহোঁ বোলা আহিন আগেয়ে আহে৷
মোৰ তেজৰ গালিচা গলে
তোমাৰ খোজৰ পদুম পাহে-পাহে৷
তুমি যদি
আহিলাহেঁতেন
ৰ’দৰ সোণোৱালী কোঁহে-কোঁহে!
"সংহত শব্দ"
তোমাৰ বাবে
মোৰ সঞ্চিত এটি শব্দ
জপমালাৰ মণিৰ দৰে
আঙুলিমূৰত ঘূৰি ঘূৰি থাকে... ...
যিদৰে
ঘূৰি থাকে
ৰাতিৰ আকাশত অন্ধ নক্ষত্ৰ৷
তোমাৰ বাবে
এটি সহজ সুন্দৰ শব্দ... ...
"বসন্তৰ এদিন"
তোমাৰ শোৱনি কোঠা হৈ বতাহ
ৰ’দৰ সতে হাত ধৰাধৰি কৰি আহিমোৰ নিচেই কাষত বহিল, পিঠিত আঙুলি বুলাই,
মোৰ কান্ধত মূৰ থৈ দুহাতেৰে মেলি ধৰিলে
চম্পক ফুলৰ আধা গঁথা মালাধাৰিঃ
আলোকিত ৰামধেনুখনৰ দৰে৷
"এদিন শৰৎ"
সুখী শেৱালিৰ উৰণীয়া গোন্ধ, তোমাৰ অমল শৰীৰৰ
শৰৎময় সোণোৱালী ছাঁ, ফটফটীয়া বিলৰ পানীৰ সুশীতল শব্দ
মোৰ গাৰ কাষেৰে গুচি যায় নিৰ্বিঘ্নে...
প্ৰতিটো ফুলৰ সুবাসতেই মোৰ ইচ্ছা,
মোতেই যেন তাৰ উৎস;
মোৰ ভিতৰৰ মানুহটো ধূলিৰ দৰে উৰে
স্বৰ্ণাভ প্ৰতিবেশীৰ উদ্বেগৰ মাজেৰে৷
"কবিতাৰ কাৰণেঃ একক প্ৰাৰ্থনা"
কঠোৰতাত ঠেকা খাই উভতি আহে কবিৰ মাত,
প্ৰতিদ্বন্দ্বীহীন প্ৰতিধ্বনি৷
কলমৰ আগত কঁপে প্ৰতিশ্ৰুত কবিতা, কবিৰ সত্তা৷
স্নায়ুভাৰত বিপন্ন অন্নহীন কবিৰ নাতিউচ্চ কণ্ঠত
শোকৰ শ্লোক, শিল্পৰ স্বাধীনতা... ৷
মোক এই কবিতাটো শেষ কৰিবলৈ দিয়া মোৰ নিচিনাকৈ,
তেজৰ বাণী বিবস্ত্ৰ দেহৰ অবাঞ্ছনীয়তাত ছটফটাই মৰে,
হাতত ভৱিষ্যতৰ অদ্ভুত পতাকা৷
মোক অভয় দিয়া পৰিচিত শব্দবোৰৰ নিৰ্লিপ্ততা ভাঙি-ছিঙি
হাতুৰিৰে চূৰমাৰ কৰাৰ, অথবা ৰক্তস্বল্পতাত মুমূৰ্ষুু নিষ্ফল বাস্তৱ
টুকুৰা-টুকুৰি কৰা দুৰ্ধৰ্ষ তৰোৱালৰ বিচক্ষণ তেজস্বিতা!
"কাতৰ-বাঁহী"
ভঙা টোপনিৰ ৰঙা-জোন গল্পৰ এন্ধাৰেৰে আহি
হঠাৎ থমক খাই ৰ’ল তোমাৰ মুখৰ নীৰৱতাত,
পাহি জাপ খোৱা পদুম কলিৰ দৰে তোমাৰ মুখ,
বতাহৰ আঁচোৰ লাগোঁ-নেলাগোঁতেই উঠিল কঁপি
পদুম-ওঁঠৰ তুলবুল ঢৌ,[নাও হেঙুলীয়া, ব’ঠা হেঙুলীয়া]
এনেকৈয়ে খেলি জোনটো থাকক তোমাৰ লগত,
এন্ধাৰৰ কোমল বিছনাত আৰু কিছুপৰ থাকক পৰি
ভাগৰুৱা বেলি...
সপোনত শুনি নে নুশুনি এই কাতৰ বাঁহী?
(বিঃদ্ৰঃ- কবিতা সমুহ বিভিন্ন মাধ্যমৰ জৰিয়তে সংগ্ৰহ কৰা হৈছে । হীৰেন ভট্টাচাৰ্যৰ দেৱৰ কবিতাৰ প্ৰেমিক সকলৰ সুবিধাৰ্থে এই কবিতা সমুহ প্ৰকাশ, প্ৰচাৰ কৰা হৈছে । সংগ্ৰাহক, আমালৈ প্ৰিয় কবিৰ কবিতা প্ৰেৰণ কৰোঁতা সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ)
আমালৈ লেখা প্ৰেৰণ কৰিব পাৰে ।
আমাৰ official email- niyamiyaastha@gmail.com




4 Comments
আপোনালোকৰ এই সুন্দৰ পদক্ষেপক অতি আদৰেৰে শলাগ লৈছোঁ ।
ReplyDeleteপ্ৰণব কুমাৰ বৰ্মনৰ কবিতা পাম নে ?বাকি শুভেচ্ছা থাকিল আস্থাৰ সকলো কৰ্ম কৰ্তালৈ ৷
ReplyDeleteআমি অতি সোনকালে প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা প্ৰকাশ কৰিম ।
Deleteভাল লাগিল পঢ়িলো আৰু আগলৈও আশা থাকিল
ReplyDelete