এটা প্রেমৰ কবিতা :: Nilim Kumar poem

এটা প্রেমৰ কবিতা

                                                        নীলিম কুমাৰ

এটা প্রেমৰ কবিতা :: Nilim Kumar poem

কালিলৈকে মই যি আছিলোঁ
আজি সেইজন নহয়

কালিলৈকে মই  ঠিকেই আছিলো
কেৱল কালিলৈকে ঠিকে আছিলো মই
তাৰ পাছত ভাগি গ'লো

আগতে যাক ভাল পাই আছিলো
কালিলৈকে তেওঁকে ভাল পাইছিলোঁ
আজি মই ভাগি যোৱাৰ কাৰণে
ভালপোৱাও ধোঁৱাৰ দৰে উৰি গ'ল

কালিলৈকে যিবোৰ শব্দ মই উচ্চাৰণ কৰিছিলো
বুকুত থোকাথুকি কৰিছিল
যিবোৰ প্রিয় শব্দই মোৰ
আজি সেইবোৰ শব্দ জিভালৈ নাহিল
এটিবাৰো

ইমান গভীৰ ভালপোৱাইও
আমাক বচাব নোৱাৰিলে কিয়
মোৰ বলিয়ালিবোৰো শেষ হ'ল

মই এতিয়া কাৰ ভৰসাত
মোক এৰি দিম ?


আমালৈ লেখা প্ৰেৰণ কৰিব পাৰে । 
আমাৰ official email- niyamiyaastha@gmail.com 

Post a Comment

0 Comments