'কবিতাৰ নিয়ম'
পৃথিৱীৰ তিনিটা সাহিত্য সৃষ্টিক পৃথিবীৰ বৌদ্ধিক সমাজে বিশ্বযুদ্ধবোৰতৈও অধিক গুৰুত্বপূৰ্ণ বিবেচনা কৰে, সেয়া হ'ল -'দ্য ৱেষ্ট লেণ্ড','ইউলিচিছ' আৰু 'ৱান হাণ্ড্ৰেড ইয়াৰছ অৱ চলিটিউড' ।'দ্য ৱেষ্ট লেণ্ড' ৰ ৰচক হ'ল টি এছ এলিয়ট।পৃথিৱীৰ শান্তিৰ সপক্ষে আৰু যুদ্ধ বিৰোধী প্ৰধানতম কবি আছিল নেৰুডা ।এলিয়ট আৰু নেৰুডাই যেতিয়া আড্ডা মাৰিছিল-এলিয়টে কবিতা পাঠ কৰাৰ সময়ত বিৰক্ত হৈ নেৰুডাই বাথৰুমত সোমাই কাণত সোপা দিছিল-নেৰুডাই ভাবিছিল কবিতা কেবল মগজুৰ খেল নহয়-তাৰ এক সামাজিক দায়িত্ববোধো আছে।দুটা ধাৰাত দুয়োজন আজিও শ্ৰেষ্ঠ কবি।টি এছ এলিয়টেৱো লিখিছিল- 'কবিতা লিখাৰ কোনো নিয়ম সৃষ্টি কৰিব নোৱাৰি ।কবিতাৰ দীঘ বাণী পুতল কিমান হ'ব কোনেও ক'ব নোৱাৰে ।যেতিয়াই তৰুণ কবি সকলে পুৰণি কাব্য ধাৰা ভাঙি নতুন কাব্য ধাৰাৰ সৃষ্টি কৰে পুৰণি সকল জাঙুৰ খাই উঠে।
✒ প্ৰনৱ কুমাৰ বৰ্মন


1 Comments
নোবেল পুৰস্কাৰ পাবলৈ কি কি বৈশিষ্ট লাগিব
ReplyDelete