মই তাত নাই ।। প্ৰণৱ কুমাৰ বৰ্মন ।। Pranab Kumar Barman

 


মই তাত নাই

● প্ৰণৱ কুমাৰ বৰ্মন 


মই তাত নাই 

সমালোচকৰ বটাঁ,ৰজাৰ সন্মান 

মই তাত নাই 

নন্দনতত্বৰ গধুৰ শিলৰ তলত 

মই তাত নাই 

বা: বা: চালাম, হুকুম 


মই তাত নাই 

চুৱা চেলেকাৰ সংগ, নমস্কাৰ বিভংগ 


মই তাত নাই 

যি চিঞাহীৰ ৰং নীলা 

মোৰ চিঞাহী তেজৰ ৰং 

মোৰ কলমত শত ধৰ্ষিতাৰ জৰায়ুৰ তেজ 

শত গুলিবিদ্ধ যৌৱনৰ চিৎকাৰ মোৰ শব্দ 


মই তাত নাই 

য'ত তুমি আছা ধ্বজাবাহী সমাজ কবিতাৰ সমালোচক 


কবিতা কি?

স্বাধীনতাৰ পৰম মিত্ৰ 

অযুত কাল যাৰ কাৰাবাস !


হাতত তৰোৱাল যেন কলম 

ভৰিৰ খোজত মহাদেশৰ মানচিত্ৰ 


কবিতা কি?

নিৰন্ন দিনৰ দুখহীন আনন্দ 

অনাখৰী মানুহৰ মগজুৰ শক্তিবল 


কবিতা কি?

নুবুজে যি 

তাৰেই হাতত বিপ্লৱৰ আখৰা পত্ৰ 


মই তাত নাই 

ৰাজভৱনত, সন্মানীয় সাহিত্য কাকতত 

কাব্য সমাচাৰ নুবুজা 

তাত্বিক সমালোচকৰ নিবন্ধত 


মই তাত নাই

মই যে নহও মেধাৱী কবি 

গ্ৰেড ডিগ্ৰি স্থান প্ৰথম দ্বিতীয়

মোৰ মগজুৰ কদৰ নাই 

মোৰ কোনো ভাই অথবা ভনী অথবা সমগোত্ৰীয় 

বহুজাতিক মূৰব্বী নহয় 


মই জাতিস্মৰ 

মোৰ ইতিহাসত কেৱল 

শোষণ লুন্ঠন আৰু ঔপনিবেশিক সন্ধিৰ স্বাক্ষৰ 


কবিতা কাৰ আৰু কাৰ বাবে?

কেৱল প্ৰশংসা পত্ৰ? বুৰঞ্জীত নাম লিখন?

বটাঁৰ তালিকা? 

কবিতা কাৰ ?আৰু কাৰ বাবে?


কবিতা তেওঁলোকৰ 

যাৰ আখলত জুই নাই 

ঘৰৰ মুধচ উৰুখা 

যি শইচৰ উপাসক 

যি দিনত বেলিৰ বন্ধু

ৰাতি জোন তৰাৰ সখা 


কবিতা তেওঁলোকৰ 

যি সকল ছহিদ হৈছে 

যি সকল কাৰাবন্দী স্বদেশৰ নামত 

কবিতাৰ স্বত্ব সদায়ে পথাৰৰ 

আৰু শইচৰ ৰখীয়াৰ 


কবিতা জন্ম আৰু জীয়াই থকাৰ পঞ্জীয়ন নহয় 

কবিতা গৌৰৱময় মৃত্যুৰ ইতিহাস 


কবিতা কাৰ ?আৰু কাৰ বাবে ?

কবিতা মুষ্টিবদ্ধ হাতৰ শব্দশিল্প 

কবিতা ভূমিৰ অধিকাৰ ভূমাৰ অহংকাৰ 


মই তাত নাই 

য'ত কবিতাৰ স্বাধীনতা নাই।

Post a Comment

0 Comments