ছোৱালীজনী গাঁও এৰি গ'লগৈ-
ভালেই কৰিলে তাই
● প্ৰণৱ কুমাৰ বৰ্মন
ছোৱালীজনী গাঁও এৰি গ'লগৈ
গাঁৱৰ সতেনো আছিল কি তাইৰ সম্পৰ্ক
আঘোণ আহিলে সোনালী ধাননিক লৈ তাইৰ নাছিল উছাহ
নাছিল শৰতৰ মেঘ- ধৱল আকাশক লৈ কোনো প্ৰাৰ্থনা
শীতৰ প্ৰতি নাছিল তাইৰ উষ্ণ বাসনা- ৰাতিৰ জুইৰ সতে
চুৱেটাৰ গুঁঠাৰ নাছিল তাইৰ অনুশীলন
ভোগালীত তাই নাখাইছিল পেট পূৰাই
স্বাস্থ্য ৰক্ষা- ?আহাৰ নিয়ন্ত্ৰণ??
আধুনিক দিন যাপন???
বসন্তৰ প্ৰতি তাইৰ কোনো অপেক্ষা নাছিল
তাই সেউজীয়া পাতবোৰক গছৰ পোছাক বুলি ভাবিছিল
ইমান পোছাক এজনী ছোৱালীয়ে কিদৰে পিন্ধিব পাৰে - ভাবি ভাবি তাই হতাশ হৈ পৰিছিল
কিয়নো তাই পিন্ধিছিল চুটি পোছাক
তাইৰ পোছাকত আছিল বহু অপ্ৰয়োজনীয় ফুটা
ফুটাবোৰেৰে কেনেদৰে পুৰুষৰ দৃষ্টিৰ সমদল তাইৰ শৰীৰলৈ সোমাই গৈছিল তাই জানিছিল
তাই বৰষুণ বেয়া পাইছিল
যি বৰষুণ প্ৰেমৰ আন নাম
কিয়নো তাইৰ পোছাকযোৰ বৰষুণত তিতিলে
তাইৰ ভীষণ খং উঠিছিল ডাৱৰৰ প্ৰতি
তাই বেয়া পাইছিল প্ৰখৰ ৰ'দ
কাৰণ ৰ'দ মানেই ছাতি
ছাতিয়ে ঢাকি ধৰে তাইৰ সৌন্দৰ্য্য দেহমাটিৰ
তাই গাঁৱৰ সকলো উৎসৱতে অনুপস্থিত আছিল
সেই ছোৱালীজনী গাঁও এৰি গুচি গৈছে
কোনে বেয়া পাব?
ছোৱালীজনী আজিকালি হাৰিয়ানাত থাকে
মুখত তাইৰ গাঁৱৰ বোকা যেন প্ৰসাধন
শৰীৰত উজ্জ্বল ৰঙীন পোছাক
কিমান যে সুখী তাই
গাঁৱত থাকোতে ,তাইৰ ৰোগাক্ৰান্ত বাপেকৰ এডৰা মাটি নাছিল খেতিৰ বাবে
শীতত নাছিল তাইৰ গৰম আলোৱান
ভোগালীত নাছিল খাবলৈ ভাত
পিন্ধিবলৈ নাছিল নফটা পোছাক
ৰ'দ বা বৰষুণত নাছিল তাইৰ এটি ছাতি
তাই গাঁৱৰ জুপুৰীত লুকাই আছিল লাজত
প্ৰতিটো উৎসৱ ,প্ৰতিদিন প্ৰতিৰাতি
তাই গাঁও এৰি গুচি গৈছে
বিক্ৰি কৰি দিছে তাইৰ সকলো অভাৱ
হাৰিয়ানাত তাই সুখী হৈ আছে!
0 Comments