আস্থা - অক্টোবৰ ২০২০ ॥ Astha Magazine - October 2020

 আস্থা কাব্যালোচনী

একবিংশতম সংখ্যা :: বছৰ- ৩ :: অক্টোবৰ - ২০২০


শৰত মানেই প্ৰেম, শৰত মানেই সৃষ্টি, শৰত মানেই সুখ, শৰত মানেই উৎসৱ, শৰত মানেই হিয়া শাঁত কৰি পেলোৱা মলয় পৱনৰ ধীৰ গতি, সেয়ে শৰত সদায়েই ঋতুৰাণী ।
ৰিব ৰিব মৃদু মধুৰ মলয়াৰ প্ৰত্যেক লহৰে লহৰে সেউজীয়া ধাননিৰ বুকুত সুখৰ নৃত্যৰ মূৰ্চ্ছনা উঠে । কৃষকৰ ওঠৰ তৃপ্তিৰ হাঁহিটিয়ে আশাৰ ৰেঙনি তোলে । সেউজীয়া ধৰাৰ আচল ধৰি কহুৱাই প্ৰাণ ধালি কৰা নৃত্যৰ আলোকত আলোকিত হয় মানুহ আদি কৰি প্ৰত্যেক জীৱ (সম্পাদনা কক্ষ) ।

কবিৰ কলমত সৃষ্টি হয় কবিতা -

"লুইতৰ পাৰে পাৰে কহুৱাৰ ফুল 
বতাহত হালি জালি 
ঢৌৱে ঢৌৱে ঢৌ খেলি 
তুষাৰ ধৱল কান্তি ধৰিছে বিপুল ।"
- ৰঘুনাথ চৌধাৰী 

আস্থা পৰিয়ালৰ প্ৰতিগৰাকী সদস্য সুহৃদলৈ শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আস্থাৰ এই শাৰদীয় বিশেষ সংখ্যাটো প্ৰতিজন সদস্যলৈ আগবঢ়োৱা হৈছে । 

আস্থালৈ প্ৰতিজন সাহিত্য প্ৰেমী সমাজৰ অভাবনীয় মৰমৰ বাবে আমি চিৰ কৃতজ্ঞ আৰু যঠেষ্ট উৎসাহী । এই মৰম চিৰস্থায়ী হওঁক । 

আস্থাৰ শাৰদীয় সংখ্যাটো পঢ়িবলৈ তথা সংগ্ৰহ কৰিব তলত থকা Download ত ক্লিক কৰক । যি সকল ব্যক্তিয়ে ভিন্ন ধৰণৰ অসুবিধাৰ বাবে চাব পৰা নাই তেওঁলোকে 8724851052 (astha magazine WhatsApp) ত যোগাযোগ কৰিব ।



Post a Comment

1 Comments