নীলিম কুমাৰৰ চেলুন

নীলিম কুমাৰৰ চেলুন 


নীলিম কুমাৰৰ চেলুন

        কলেজত পঢ়ি থাকোতে এদিন ৰাতিপুৱা হোষ্টেলৰ পৰা চুলি কটাম বুলি কিছু দূৰৰ চেলুনখনলৈ খোজকাঢ়ি কাঢ়ি গৈ দেখিলো ভিৰ ৷ এজনৰ পিছত এজনকৈ বহুকেইজন আছে ৷ বহু সময় ৰৈ ৰৈ আমনি লাগিল ৷ অধৈৰ্য হৈ পৰাৰ লগতে খঙো উঠি গল কাৰোবাৰ ওপৰত ৷ অনিৰ্দিষ্ট এটা খং ৷ কেতিয়াও আৰু চেলুনত চুলি নকটাওঁ বুলি প্ৰতিজ্ঞা কৰি উভতিলো ৷

        পিছদিনাই ফাচীবজাৰৰ পৰা এখন কেচীঁঁ কিনি আনিলো ৷ খিৰিকীৰ কাষৰ গজালত সৰু আৰ্চীখন থৈ ফণিখন লৈ  প্ৰতিবিম্ব চাই চাই নিজে নিজৰ চুলি কাটি পেলালো ৷ তেতিয়াৰে পৰা আজি ৩৫ বছৰৰো অধিক কাল ধৰি মই নিজৰ চুলি নিজে কাটি আহিছো ৷ মোৰ দাঢ়িবোৰ বাঢ়িলে কোনোবাই কয়  ’চেলুনত যাবচোন ’ ৷ মই ভ্ৰূক্ষেপ নকৰো ৷ কেচীখন আছে যেতিয়া তেতিয়াই  কাটি ল’ম ৷

        গুৱাহাটী নহয় , অন্য এখন সৰু চহৰত চাকৰি সূত্ৰে থাকোঁতে মই এতিয়াৰ এগৰাকী প্ৰখ্যাত নৃত্য পটিয়সীৰ চুলি কাটি দিছিলো ৷ সেয়া আছিল মো শ্ৰেষ্ঠ  চুলি কটা ৷ তেওঁৰ চুলিবোৰ আগতে একেবাৰে আকৰ্ষণীয় নাছিল ৷ সেয়ে ময়ে প্ৰস্তাৱ দিছিলো তেওঁৰ চুলি কটাৰ ৷তেওঁ অবশ্যে মোৰ ওপৰত সম্পূৰ্ণ ভৰষা কৰি চুলিখনি মোৰ হাতত এৰি দিছিল ৷ আৰু মই  মোৰ সমস্ত অভিজ্ঞতাৰে তেওঁৰ চুলি কাটি দিলো ৷ তেওঁৰ মুখখনৰ ৰূপেই সলনি হৈ গ’ল ৷ তেওঁ চহৰৰ মাজেৰে  ওলাই যাওঁতে সকলোৱে তেওঁক ঘুৰি ঘুৰি চালে ৷ সকলো ছোৱালী আৰু মহিলাই তেওঁক সুধিলে  - কোন পাৰ্লাৰত কাটিছে ? নাম কি পাৰ্লাৰৰ ?  কিন্তু তেওঁ সেই পাৰ্লাৰৰ নাম নীলিম কুমাৰ বুলি কয় কেনেকৈ ?

        মোৰ ছোৱালী দুজনীৰো চুলি মই মাজে মাজে কাটি দিওঁ ৷এনেকৈ নীলিম কুমাৰ এজন নাপিতো ৷

        সৰু থাকোতে আমাৰ চুলি কটাবলৈ দেউতাই  ঘৰলৈ নাপিত মাতি আনিছিল ৷ আমি ৫ টা ভাই ককাই ৷ মাটিত বস্তা এখন পাৰি সৰুৰ পৰা ডাঙৰলৈ এনে ক্ৰমত এজন এজনকৈ নাপিতে আমাৰ চুলি কাটি গৈছিল ৷ নাপিতজনে আমাৰ মূৰৰ পিছফালটো কাটোতে দুই আঠুৰে আমাৰ মূৰটো লৰচৰ কৰিব নোৱাৰাকৈ চেপি ৰাখিছিল ৷ এবাৰ তেনেকৈ কাটোতে মোৰ কাণ এখনো নাপিতে কাটিছিল ৷ কাণখনৰ পৰা বহুত তেজ ওলাইছিল ৷ নাপিতে অকণমান বালিৰে কটা ঠাইটুকুৰা চেপি ধৰি  তেজ বন্ধ কৰাৰ চেষ্টা কৰিছিল ৷ আৰু মোক ভয় দেখুৱাইছিল , দেউতাক যাতে নকওঁ ৷ সেই ঘটনাৰ পৰাই চাগৈ নাপিতৰ ওপৰত মোৰ ভিতৰত এক বিদ্বেষ ভাবৰ জন্ম হৈছিল ৷ 

        যি নহওক আজি ৩৫ বছৰৰো বেছি দিনৰ মুৰত মই চেলুনলৈ যোৱাৰ সিদ্ধান্ত ললোঁ ৷ অবশ্যে এই ঘটনাৰ বাবে সৎ প্ৰৰোচনাও নোহোৱা নহয় ৷

        আজি দুপৰীয়া মই যেতিয়া চেলুনলৈ যাবলৈ ওলালো , মোৰ পত্নী আৰু ছোৱালীয়ে ক’লে - ’ ধুনীয়াকৈ গাটো ধুই চুলিত চেম্পু  মাৰি যোৱা ৷’ মই ক’লো যে আহি গা -মূৰ ধুম ৷ তেওঁলোকে ক’লে -“ আজিকালি গা মূৰ ধুইহে চেলুনলৈ যায় " ৷
মই ক’লো  _ " হয় নেকি ! ইমান পৰিবৰ্তন হৈছেনে ! আগতে আমি দাঢ়ি চুলি কাটিহে গা ধুইছিলো ৷ এতিয়া মন্দিৰলৈ যোৱাৰ দৰে গা  ধুই যাব লাগে চেলুনলৈ ? " অবশেষত চেলুন নামৰ মন্দিৰত গা -মূৰ ধুই মই অৰ্পণ কৰিলো নিজক ৷

✒ নীলিম কুমাৰ 

Post a Comment

1 Comments

  1. ভাল লাগিল। আস্থাৰ জয় ‌হ‌ওক--😊

    ReplyDelete