মই যাক বাইদেউ বুলি মাতো

মই যাক বাইদেউ বুলি মাতো


মই যাক বাইদেউ বুলি মাতো


নাযানো তোমাৰ প্ৰতি মোৰ
সমন্ধৰ গভিৰতা কিমান?
নাযানো কিমান দিন জীয়াই থাকিব
তুমি আৰু মই••••••
এটা মিঠা সমন্ধ।

ৰাতি বাৰ বাজি উনচল্লিছ মিনিট পালে
মোৰ কোঠালিৰ সৈতে গাঁওৰ প্ৰতিটো চুক
হয়তো সপোন আৰু নিদ্ৰাৰ ভেঙুচালি চলিছে
ৰাতি বাৰ বাজি উনচল্লিছ মিনিট পালে।

পাহৰিলো,কি যে আজে বাজে বকি আছো
ইমান ৰাতি,
অ'শুনা পাইছো এতিয়া অলপ অলপ
দুৰৰ পৰা ডি•জে• বক্মৰ বিশ্ৰী ৰিমিক্ম
হয়তো তাত বনভোজৰ ছলেৰে সুৰাত মত্ত্ব।
সৰু বৰ একত্ৰিত বেয়া গলল্পত আসক্ত
শুনিছো সুৰা আৰু দাৰু পেটত পৰিলে
সঁচা-মিছা ওলাই আহে আপোনাা-আপুনি
হয়, কব পাৰো নিশ্চিন্তে
এইবোৰেই নষ্ট সমাজৰ এইবোৰেই উৎপাদক বুলি।

বাইদেউ, আপুনি নিশ্চয় কব পাৰিব
সমন্ধ কিমান গভিৰ হ'লে
পাহৰিব নোৱাৰে
এতিয়াও স্পষ্টকৈ ধৰিব পৰা নাই
বাইদেউ আপুনি কি কব খুজিছে
এয়া প্ৰেম নহয়••••••
মোৰ মতে এইটো সম্পূৰ্ণ্য প্ৰেম
হয়তো সেয়ে পাহৰিব নোৱাৰো কাহানিও।

ভয়বোৰ বাৰিছে
কুকুৰবোৰ যে ভুকি আছে
হয়তো তাহানিৰ মানব সভ্যতা জীয়াই নাই এতিয়া
হয়তো এতিয়া চোৰ আৰু পুলিচৰ
গোপোন বুজা-বজি
ভয়বোৰ বাৰিছে
কুকুৰবোৰ যে ভুকি আছে ইমান ৰাতি ।

তোমাৰ আৰু মোৰ সমন্ধ কি?
যদি প্ৰেমৰ মিঠা সমন্ধ নহয়
তেন্তে কি হব•••••••••
মই যাক বাইদেউ বুলি মাতো।

ধনঞ্জয় ৰায়
ধুবুৰী

Post a Comment

1 Comments

  1. মই অসমৰ জীয়ৰী
    হাইছ উদ্দিন আহমেদ

    মই অসমৰ জীয়ৰী ,মোৰ নাম কনকলতা
    মই অসমৰ জীয়ৰী, মোৰ নাম জয়মতী কুঁৱৰী
    মই অসমৰ জীয়ৰী ,নাম বৰষা এতিয়াৰ ভৰসা
    জয় আই অসম মোৰ শক্তিৰ ধ্বনি
    মই অসমৰ জীয়ৰী ,মই বোকা ভাল পাওঁ
    মই অসমৰ জীয়ৰী ,মই অসমৰ বতাহ ভাল পাওঁ
    মই অসমৰ জীয়ৰী ,মই অসমৰ বৰষুণ ভাল পাওঁ
    মই অসমৰ জীয়ৰী,সেউজীয়া পথাৰ ভাল পাওঁ
    মই অসমৰ জীয়ৰী,মই ধাননি পথাৰ ভাল পাওঁ
    মই অসমৰ জীয়ৰী, চিৰ চেনেহী মোৰ ভাষা জননী
    মই অসমৰ জীয়ৰী, ময়ো চিয়াঁহীৰে লিখোঁ বিষাদ
    মই অসমৰ জীয়ৰী, মই পাৰোঁ বিদেশীক খেদিব মুক্তি যুঁজাৰু অসম হৈ জিলিকি থাকিব
    মই অসমৰ জীয়ৰী, জয় আই অসম কৈই মৃত্যু বৰণ কৰিব
    মোৰ তেজেৰে লিখি থৈ যামগৈ এদিন
    স্মৃতিৰ মূৰ্তি সজাই মোৰো ৰাখিব

    ReplyDelete